Monday, 12 December 2016

এনেকৈয়ে হয় পেইটেমত (Paytm) আয়, আপুনিও নাজানে চাগে ইয়াৰ লগত জড়িত থকা কথাসমূহ

 Paytm  ত  সকলোয়ে  লেনদেন  কৰে ৷ মোদীৰ  নতুন  মুদ্ৰা  নীতিৰ  পাছত  পেইটেমৰ  ব্যৱহাৰ  দিনে  দিনে  বাঢ়ি  গৈছে  ৷  এই  এপ(Application )   ব্যৱহাৰ  কৰি  থাকোতে  আপোনাৰ  মানত  প্ৰশ্ন  আহে  সম্ভৱ  যে  পেইটেমে  কেনেকৈ  আয়  অৰ্জন  কৰে  লগতে  ইয়াৰ  কাম  কৰাৰ  পদ্ধতি  কেনেকুৱা  ৷ পেইটেমে  কেনেকৈ  কাম  কৰে  ৷
পেইটেম  ব্যৱসায়  কৰা  মানুহৰ  বাবে  এক  প্লেটৰ্ফম  হয়  যাৰদ্ধাৰা  ব্যৱসায়ীসকলে  নিজৰ  প্ৰডাক্টসমূহ  অনলাইন  বিক্ৰী  কৰিব  পাৰে  ৷  পেইটেমে  মাৰ্কেট  প্লেচ  মডেলৰ  ওপৰত  কাম  কৰে  ৷ ইয়াত  বেপাৰীসকলে  নিজৰ  প্ৰডাক্টছসমূহ  ৰেজিষ্টাৰ  কৰে  য’ত  গ্ৰাহকে  কিনিবলৈ  আহে  ৷  পেইটেমে  বিক্ৰেতা  হিচাপে  ব্যৱসায়ীৰ  পৰা  কমিছন  তথা  ৰাজহ  পায়  ৷ 
1.        পেইটেমৰ  ৱালেটৰ  পৰা  টকা  বেংকলৈ  পঠিয়ালে  আপুনি  পেইটেমক  4%  কমিছন  দিব  লাগিব  ৷  যদি  আপুনি  বেংকলৈ  1000  টকা  পঠিয়াব  বিচাৰে  তেন্তে  পেইটেমে  আপোনাৰ  পৰা  (1000 *  4/100 = 40 )   40  টকা  চাৰ্জ  লব  অৰ্থাৎ আপুনি  মুঠ  1040  টকা  দিব  লাগিব  ৷ যদি  আপুনি  2000 টকা  পঠিয়াব  বিচাৰে  তেন্তে  ( 2000 *  4/100  =  80 )  80  টকা  দিব  লাগিব  অৰ্থাৎ 2080  টকা  দিব  লাগিব  ৷
2.       যেতিয়া  পেইটেমত  কোনো  গ্ৰাহকে  কিবা  কিনি টকা  পৰিশোধ  কৰে  তেন্তে  পেইটেমে  এই  টকাক  নিজৰ  ওচৰত  সাত  দিনৰ  কাৰণে  হল্ড  কৰি  ৰাখে  ৷  ইয়াৰ  পৰা  তেওঁলোকে  সাত  দিনৰ  সুত  পায়  ৷  ইয়াক   Advance  payment  model   কোৱা  হয় ৷ গ্ৰাহকৰ  পৰা  Confirmation  পোৱাৰ  লগে  লগে  বিক্ৰেতাই  পাবলগীয়া  টকা  পেইটেমে  বিক্ৰেতাৰ হিচাপত পঠিয়াই  দিয়ে  ৷ 
3.       যদি  আপুনি  পেইটেমে  বান্ধি  দিয়া  চৰ্ত-নিয়মাৱলীসমূহ  ভংগ  কৰে  তেন্তে  পেইটেমে  আপোনাৰ  টকাসমূহ  জব্দ  কৰি  লব  পাৰে  ৷  এইক্ষেত্ৰত  পেইটেমে  আপোনাক  15  দিনৰ  দুটা  ৰিমেইনডাৰ  পঠিয়াব  আৰু  শেষ  ৰিমেইনডাৰ  7  দিনৰ  হয়  ৷ ইয়াৰ  পাছত  আপোনাৰ  হিচাপত  থকা  টকাক  জব্দ  কৰি  লয়  ৷
4.       পেইটেমে  নিজৰ  ৱেবছাইটত  বিজ্ঞাপন  কৰিও  টকা  উপাৰ্জন  কৰে  ৷ 
5.       পেইটেমে  নিজৰ বিক্ৰেতাৰ  পৰা  বছৰেকীয়া  বৰঙনি  লয় যাৰ  জৰিয়তে তেওঁলোকে  নিজৰ  প্ৰডাক্টসমূহ  তালিকাভুক্ত  কৰিবলৈ  সুবিধা  পায়  ৷  ইয়াক  subscription  model  কোৱা  হয়  ৷ 
6.       পেইটেমে  নিজৰ  গ্ৰাহকক  বিজ্ঞাপন  কৰাৰ  সুবিধাও  দিয়ে  লগতে  ইয়াৰ  বাবদ  চাৰ্জ  লয় ৷  ইয়াক  Advertising  Revenue  model  কোৱা  হয়  ৷
7.       পেইটেমে  নিজৰ  ৱেবছাইটত  গ্ৰাহকৰ  প্ৰডাক্টসমূহ  তালিকাভুক্ত  কৰিবলৈও  কমিছন  লয় ৷
8.       পেইটেম  ৱালেট  এক  প্ৰকাৰৰ  ডিজিটেল  ৱালেট  হয়  য’ত  আপুনি  নিজৰ  টকা  থব  পাৰিব  লগতে  দৰকাৰী  অনুসৰি  ইয়াক  ব্যৱহাৰ  কৰিব  পাৰিব ৷ এই  টকাক  আপুনি  মোবাইল  ৰিচাৰ্জ  , টিভি ৰিচাৰ্জ , বন্ধুৰ হিচাপলৈ টকা পঠিয়াৰ  ক্ষেত্ৰত  ব্যৱহাৰ  কৰিব  পাৰিব  ৷
  



No comments:

Post a Comment