Sunday, 2 October 2016

অনলাইন উপাৰ্জনৰ 7 টা ideas যিয়ে আপোনাৰ জীৱন সলনি কৰিব পাৰে


আজিকালি  সকলো মানুহে  পইচা উপাৰ্জনৰ  বিভিন্ন পথ বিচাৰি  থাকে তথা ধাৰণা  বিচাৰে ৷ কিছুমানে  চিন্তা-ভাৱনা কৰি  তথা গবেষণা  কৰি নিজৰ উপযুক্ত পথ বিচাৰি পায় আৰু ইয়াৰ  বিপৰীতে  কিছুমানে এই পথ বিচাৰি পাবলৈ সমৰ্থ নহয় ৷ ব্যৱসায়, চাকৰিকে ধৰি আন বিভিন্ন মাধ্যমৰ  জৰিয়তে ধন উপাৰ্জন কৰিব পাৰি ৷ মই আজি তেনেকুৱা কেইটামান মাধ্যমৰ বিষয়ে কম যি আজিকালি খুব জনপ্ৰিয় হৈ গৈছে ৷ ঘৰত বহিয়েই ইন্টাৰনেটৰ মাধ্যমেৰেই সেইবোৰ কাম কৰি এক ভাল উপাৰ্জন কৰিব পাৰি যাক আমি অনলাইন কাম বুলিও কব পাৰো ৷ এই কামবোৰ আপুনি পাৰ্টটাইম বা ফুলটাইম হিচাপেও কৰিব পাৰে ৷  আহক তেন্তে পলম নকৰি এইবোৰ জানি লওঁক ৷
1. ই- টিউটৰ : আপুনি যদি শিক্ষকতা কৰে আৰু আপোনাৰ কোনো এক বিষয়ত গভীৰ জ্ঞান আছে তেন্তে ই-টিউটৰ আপোনাৰ কাৰণে এক ভাল মাধ্যম হ’ব ৷ অৱশ্যে আপুনি যদি শিক্ষকতা নকৰে কিন্তু আপোনাৰ যদি কোনো এক বিষয়ত ভাল জ্ঞান আছে তেন্তে ই- টিউটৰৰ জৰিয়তেই ঘৰত বহিয়েই নিজৰ জ্ঞান চেয়াৰ কৰি  ভাল আয় উপাৰ্জন কৰিব পাৰিব ৷  আচলতে বহুতো ৱেবছাইটে বিভিন্ন বিষয়ৰ ওপৰত মানুহক সুবিধা প্ৰদান কৰি মাচুল লয় ৷ আৰু এই মাচুল বিভিন্ন বিষয়ৰ ওপৰত বেলেগ বেলেগ ৷ ইয়াৰ ভিতৰত www.tutorvista.com আৰু www.2tion.net ইত্যাদি ৷ আৰু বহুতো ৱেবছাইট নেটত উপলব্ধ যিবোৰ আপুনি গুগুলত সন্ধান কৰিলেই পাব ৷ ইচ্ছুকসকলে এইবোৰ ৱেবছাইটত ৰেজিষ্টাৰ হৈ অলপ ঘণ্টা শিক্ষা প্ৰদান কৰিয়েই ভাল উপাৰ্জন কৰিব পাৰে ৷
2.অনলাইন লেখা-মেলা : ইন্টাৰনেটৰ সুবিধা হোৱাৰ বাবে অনলাইন লেখা-মেলাৰ বিকাশ দ্ৰুতগতিত আগবাঢ়িছে ৷ যেতিয়া নেট নাছিল তেতিয়া সকলোবোৰ লেখা কেৱল কিতাপ পত্ৰ, আলোচনী আৰু বাতৰি কাকতসমূহতে উপলব্ধ আছিল ৷ কিন্তু আজি প্ৰযুক্তিবিদ্যাৰ বিকাশৰ ফলস্বৰূপে অনলাইন লেখা-মেলাৰ সুবিধা পোৱা গৈছে ৷ আজি আমি এক ঘন্টাতে নিজৰ লেখা প্ৰকাশ কৰিবলৈ সক্ষম হৈছো ৷ আপুনি বিভিন্ন portal, blog, news ৰ লগতে আৰু বিভিন্ন ৱেবছাইটত লেখা-মেলা কৰি ভাল আয় অৰ্জন কৰিব পাৰে ৷ ইমানেই নহয় কিছুমান ৱেবছাইটক টকা দি অনলাইন কিতাপ লিখাৰ পৰা আৰম্ভ কৰি ইয়াৰ ৰয়েলিটি লৈকে উপাৰ্জনৰ সুবিধা পাব ৷ ইয়াৰ ভিতৰত Amazonক উল্লেখ কৰিব পাৰি ৷ Amazon kindle এ direct publishing নামত এই কামটো কৰি থাকে ৷ ইয়াত নিজৰ যিকোনো কিতাপ লিখি kindle book store ত বিক্ৰী কৰি দিব পাৰি ৷ এই বিক্ৰীৰ বাবদ লেখকসকলে 70% লৈকে ৰয়েলিটি পায় ৷ ছাইট আৰু নিজৰ কিতাপ প্ৰকাশ কৰিবৰ বাবে আপুনি Google search engine http://kdp.amazon.com/  কিল্ক কৰিব পাৰে ৷
3. ফটো বিক্ৰী কৰি ইনকাম কৰক : এতিয়া দোকান খুলি ফটো বিক্ৰী কৰিবৰ দৰকাৰ নাই ৷ ফটো গ্ৰাফিৰ ছমহীয়া কৰ্চ কৰিয়েই আপুনি ঘৰতেই বিভিন্ন ধৰণৰ ফটো বিভিন্ন ৱেবছাইটত বিক্ৰী কৰি টকা উপাৰ্জন কৰিব পাৰিব ৷ এনেকুৱা কিছুমান ৱেবছাইট আছে যিবোৰে অনলাইন ফটো সংগ্ৰহ কৰে অৰ্থাৎ কিনে আৰু ইয়াৰ বাবদ ভাল পইচাও পৰিশোধ কৰে ৷ ইয়াৰে ভিতৰত www.istockphoto.com , www.shutterpoint.com  আৰু www.shutterstock.com ইত্যাদি ৱেবছাইটে ফটো দিয়াৰ বাবদ পইচা দিয়ে ৷ এই ছাইটবোৰত সদস্য হৈ ফটো আপলড কৰিব লাগিব ৷ ইয়াৰ পিছত ছাইটৰ পলিচি অনুসৰি আপোনাক 15% - 85% লৈকে ৰয়েলিটি দিয়া হ’ব ৷
4. ইউ-টিউবৰ পৰা উপাৰ্জন কৰা :  youtube  য়ে বিভিন্ন ভিডিঅ সংগ্ৰহ কৰি আৰু অনলাইন বিতৰণ কৰি ভিডিঅ প্ৰদান কৰা জনক তাৰ ওপৰত হোৱা উপাৰ্জনৰ বাবদ টকা দিয়ে ৷ youtube partner program ত সদস্য হবলৈ হ’লে সৰ্বপ্ৰথমে www.youtube.com/creators/partner.html ত গৈ পাৰ্টনাৰ প্ৰগ্ৰামৰ বাবে আবেদন কৰক ৷ আবেদকে ইয়াৰ মাধ্যমৰ  জৰিয়তে নিজৰ ভিডিঅক আপলড কৰিব লাগিব ৷ ইউটিউবসকলে ইয়াৰ সত্যতা আৰু গুণৱালী পৰীক্ষা কৰিব ৷ ইয়াৰ পিছত ভিডিঅত পোৱা বিজ্ঞাপনৰ অংশ আবেদকক pay কৰিব ৷ কিন্তু মনত ৰাখিব নেটত উপলব্ধ নথকা ভিডিঅহে থাকিব লাগিব ৷ আপুনি আপোনাৰ ভাল লগা বিষয়েও ভিডিঅ তৈয়াৰ কৰি আপলড কৰিব পাৰে ৷ যেনে : আপুনি ভাল খাদ্য বনাব জানে তাৰ ধাৰণাসমূহ ভিডিঅসহকাৰে ইউটিউবত দেখুৱাব পাৰিব ৷
5. Google adsense : যদি আপোনাৰ নিজৰ ৱেবছাইট বা ব্লগ আছে তেন্তে google adsense ৰ জৰিয়তেও আপুনি ঘৰত বহিয়েই পইচা উপাৰ্জন কৰিব পাৰিব ৷ google সেৱা google adsense ৰ জৰিয়তে দিয়া বিজ্ঞাপনক নিজৰ ব্লগ বা ৱেবছাইটত লগাওক ৷ আপোনাৰ সেই বিজ্ঞাপনত আপোনাৰ ব্লগত অহা প্ৰত্যেক দৰ্শকৰ ক্লিকৰ বাবদ google এ আপোনাক পইচা pay কৰিব ৷ google adsense এ আপোনাক বিভিন্ন ধৰণৰ বিজ্ঞাপন দিব পাৰে যেনে : ভিডিঅ, চিত্ৰ, text, banner ইত্যাদি ৷ আপুনি ইয়াৰ পৰা ভালটো বাচি লওক আৰু নিজৰ ব্লগত লগাওক ৷
6.Paid review ৰ জৰিয়তে উপাৰ্জন কৰক : আপুনি কিতাপ, চিনেমা ,টেকন’লজি, ফিল্ম বা অন্য কিবা বস্তুৰ ওপৰত review লিখিব পাৰে ৷ বিভিন্ন ৱেবছাইটক freelance review expert ৰ প্ৰয়োজন হৈ থাকে ৷ google paid review website বুলি search কৰিলেই বিভিন্ন ধৰণৰ ৱেবছাইট ওলাই পৰিব ৷ এই ছাইটবোৰত আপুনি সদস্য হৈ  review লিখি ভাল উপাৰ্জন কৰিব পাৰিব ৷
7. অনলাইন বিক্ৰী : বহুতো ই-কমাৰ্চ ৱেবছাইটে পুৰণা তথা ব্যৱহাৰ হোৱা বস্তুক বিক্ৰী কৰিবৰ বাবে অনলাইন প্লেটফৰ্ম দিয়ে ৷ এনেকুৱাত এই কামৰ জৰিয়তেই অনলাইন ইনকাম কৰিব পাৰে ৷ ইয়াৰ বাবে আপুনি বজাৰৰ পৰা অলপ সস্তাত বস্তু কিনি আৰু ইয়াৰ ফটো www.olx.in, www.quikr.com , www.craigslist.co.in ইত্যাদি ৱেবছাইটত আপলড কৰিব লাগিব ৷ লগতে তাৰ সম্পূৰ্ণ বিৱৰণী আৰু ইয়াৰ মূল্যও উল্লেখ কৰিব লাগিব ৷
আশা কৰোঁ উক্ত ধাৰণাসমূহ আপোনাক সহায় কৰিব ৷ আপুনি আমাৰ এই ব্লগত এনে ধৰণৰ money making ideas পাই থাকিব ৷ যদি পঢ়ি ভাল লাগে আৰু অলপ হ’লেও সহায় পাইছে তেন্তে এই লেখা like, comment আৰু share কৰিবলৈ নাপাহৰিব ৷ Best of luck !

No comments:

Post a Comment