Thursday, 22 September 2016

GGTC ৰ পৰিচয়


পৰিচয়ঃ
 মোৰ  নাম  শ্ৰী  অবিনাশ  পাৰধীয়া    মোৰ  ঘৰ  বৰ্তমান  অসমৰ  যোৰহাট  জিলাত    আজিৰ  পৰা  দুই  বছৰ  আগতেই  মই  ব্লগ  এটা  লিখিম  বুলি  ভাবি  আছিলো  কিন্তু বহুতো  অসুবিধাৰ বাবে  মই সেয়া  আৰম্ভ কৰিব  পৰা নাছিলো ৷ আজি তাং ২২/০৯/২০১৬  পৰা মোৰ ব্লগ (GGTCedu.) আৰম্ভ কৰি  মই নথৈ আনন্দিত হৈছো  যে মোৰ অন্তত: ব্লগ আৰম্ভণীৰ কাম সফল হৈছে ৷ মোৰ এই ব্লগৰ সম্পূৰ্ণ নাম হৈছে – Gorajan  Goodluck Tutor Centre. আচলতে  পেচাত মই এজন  টিউটৰ তথা শিক্ষক আৰু সেইবাবে বৰ্তমানে শিক্ষা প্ৰদান কৰি থকা মোৰ টিউটৰ চেণ্টাৰৰ পৰাই  উক্ত ব্লগৰ  নামটো  ৰখা হৈছে
ব্লগৰ উদ্দেশ্যঃ
Ø  আচলতে  ইন্টাৰনেটত অসমীয়া ব্লগৰ সংখ্যা খুবেই সীমিত  আৰু লগতে অসমীয়া ভাষাত যি পৰিমাণৰ তথ্যপাতি ইন্টাৰনেটত থকা উচিত সেয়াও উপলব্ধ নাই ৷ বিশ্বত প্ৰযুক্তিবিদ্যা ক্ৰমাগতভাৱে উন্নত হোৱাৰ সত্বেও আমাৰ অসমৰ জনসাধাৰণৰ বাবে নেটত অসমীয়া ভাষাত তথ্যপাতি আন ভাষা সমূহতকৈ বহু গুণে কম ৷ অসমীয়া ভাষা নেটত প্ৰচুৰ পৰিমাণে উপলব্ধ কৰোৱাৰ ইচ্ছাৰে এই ব্লগ লিখা হৈছে ৷
Ø  অসমৰ বহুতো শিক্ষিত জনসাধাৰণে নিজৰ স্কুল , কলেজ , মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষা সাং কৰি বা আন কোনো বৃত্তিমূলক শিক্ষা গ্ৰহণ কৰি নিজকে অৰ্থনৈতিকভাৱে  প্ৰতিষ্ঠা কৰিবলৈ বিভিন্ন ধৰণৰ চাকৰিৰ সন্ধান কৰোতে নিজৰ বহুমূল্য  সময় খৰচ কৰি দিয়ে ৷ ইয়াৰ পৰিৱৰ্তে তেওঁলোকে ব্যৱসায় জগতত প্ৰৱেশ কৰি নিজকে অৰ্থনৈতিকভাৱে টনকিয়াল কৰিব পাৰে ৷ সেই বুলি মই সকলোৱে যে চাকৰিৰ সন্ধান কৰিব নালাগে বুলি কোৱা নাই ৷ ইয়াত চাকৰি সন্ধান কৰাৰ সত্বেও চাকৰি নাপালে ব্যৱসায়ীক দিশলৈ কেনেকৈ আগবাঢ়ি নিজে স্বনিৰ্ভৰশীল হ’ব পাৰি তাৰ বিষয়ে এই ব্লগত লিখা হৈছে ৷ এই ব্লগৰ জৰিয়তে মই উৎসাহ উদ্দীপনা তথা অনুপ্ৰেৰণাৰ পাঠ দি ইচ্ছুক সকলো ব্যৱসায়ীসকলক Active কৰিব বিচাৰিছো ৷
Ø  অসমৰ অসমীয়া মাধ্যমত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন জটিল বিষয়ত সহায়-সহযোগ আৰু উৎসাহ আগবঢ়োৱাৰ উদ্দেশ্য আৰু লগতে অধ্যয়নৰ কলা-কৌশলসমূহ দিয়াৰ উদ্দেশ্য এই ব্লগ লিখা হৈছে ৷
শিক্ষা :
v  শ্ৰেনী  দাদ্বশ লৈ নিজৰ  চহৰত  চাৰিখন বিদ্যালয়ত পঢ়া-শুনা : গৰাজান বাগান প্ৰাথমিক বিদ্যালয় , গৰাজান মধ্য ইংৰাজী বিদ্যালয় ,গৰাজান উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু
 বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷
v  বাণিজ্য বিভাগত স্নাতক ডিগ্ৰী : B.COM
v  বাণিজ্য বিভাগত স্নাতকোত্তৰ ডিগ্ৰী :   M.COM
v  কম্পিউটাৰ শিক্ষা :  PGDCA   

অভিজ্ঞতা :
·         নিজৰ GGTC ত ২007 বৰ্ষৰ পৰা ধাৰাবাহিকভাৱে স্হানীয় ছাত্ৰ-ছাত্ৰীসকলক সেৱা ৷
·         কম্পিউটাৰ অপাৰেটৰ ,তামিলনাডু ৷
·         

প্ৰকাশিত  :   মাহেকীয়া কেৰিয়াৰ গাইডৰ পত্ৰালাপ শিতানত  ‘ কৃষি ক্ষেত্ৰত যুৱ সমাজৰ অৱহেলা ’ আৰু ‘ মাদক  দ্ৰৱ্যৰ প্ৰতি আসক্তি ’ ৷
মোৰ  প্ৰিয় :
·         কিতাপ  পঢ়া , লেখা-মেলা ৷
·         Teaching.

মোৰ  ঠিকনা :
গৰাজান  16  নম্বৰ ব্লক , বৰহোলা, তিতাবৰ, যোৰহাট (অসম) , পিন-785631

1 comment:

  1. আপোনাৰ ব্লগটো দেখি বহুত সন্তোষ পালো । আপুনি কৰা কাম কামবোৰ মোৰ এটা বাঞ্ছা আছিল । এনেকুৱা অসমীয়া ভাষাত লিখা article বহুত বিচাৰিছিলো যদিও যি অসুবিধাৰ কাৰণেই নহওঁক কিয়, বহুত দিনৰ মূৰত আপোনাৰ ব্লোগটো দেখি বহুত ভাল লাগিল । মোৰো এনেকুৱা এটা ইচ্ছা মনত আছে পুহি ৰাখিছিলো । ধন্যবাদ ।

    ReplyDelete