বৰ্তমান যুগত চাকৰিৰ বজাৰ বহুত সৰু ৷ বহুত ল’ৰা-ছোৱালীয়ে হাইস্কুল শিক্ষান্ত
পৰীক্ষা, কলেজৰ চূ্ড়ান্ত পৰীক্ষা, বৃত্তিমূলক পৰীক্ষা আদিত উত্তীৰ্ণ হৈ বিভিন্ন চাকৰিৰ লিখিত পৰীক্ষা,
সাক্ষৎকাৰ আনকি শাৰীৰিক সক্ষমতা পৰীক্ষাতো উপস্হিত হয় ৷ কিন্ত বহুত ল’ৰা-ছোৱালীয়ে এইবিলাক
পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰে ৷ বহুতে আকৌ আবেদন পূৰ কৰি, সাক্ষাৎকাৰ দি আমনি পাই
আৰু অৱশেষত অধৈৰ্য্য হৈ বিভিন্ন অযথা কামত লিপ্ত হোৱা দেখা যায় ৷ মই এইটো ক’বলৈ
বিচৰা নাই যে, সকলোৰে এনে অৱস্হা হয় ৷ কিন্ত বেছিভাগৰে এই অৱস্হা হোৱা দেখা যায় ৷
যি সকলে এই অধৈৰ্য্য অৱস্হাত ভুগি থাকে সেই সকলক পৰিত্ৰান পাবলৈয়ে মই এই ব্লগৰ
উৎপত্তিৰ বিষয়ে ভাবি পাইছিলো ৷ যিহেতু বহুত ল’ৰা-ছোৱালীয়ে ভাবে যে একমাত্ৰ চাকৰিয়ে
মানুহৰ ভাত-মুঠি বচাই ৰাখে তথা সুৰক্ষা দিয়ে ৷ আকৌ বহুতে চৰকাৰী চাকৰি পাবলৈ বেয়া
কামতো লিপ্ত হোৱা দেখা যায় ৷ মাত্ৰ কেৱল চৰকাৰী চাকৰি ,চৰকাৰী চাকৰি পালেই হ’ল ৷মই
সেই বুলি চাকৰি বিচাৰিব নালাগে বুলি কোৱা নাই ৷ মই সেই সকলক কৈছো যি সকল, চাকৰি
বিচাৰিও বা বিভিন্ন প্ৰতিযোগিতামূলক
পৰীক্ষাত উপস্হিত হৈও কোনো চাকৰি ল’ব পৰা নাই ৷ সেইসকল মন বেয়া কৰি বা
অধৈৰ্য্য হৈ বহি থাকি লাভ নাই ৷ আপোনাক যদি সচাকৈয়ে ডাঙৰ হ’বলৈ মন আছে তেন্তে
চাকৰিৰ পিছে পিছে দৌৰি থাকিলে নহ’ব ৷ আপুনি ইয়াৰ বাবে কিবা এটা কৰিব লাগিব ৷ এনে
এটা কাম আৰম্ভ কৰিব লাগিব যাৰ জৰিয়তে নিজৰ লগতে দেশৰো উপকাৰ হ’ব ৷ আমি নিজৰ HOBBY(ভাল
লগা কাম) কে আমি চাকৰিলৈ
পৰিৱৰ্তন কৰিব পাৰো ৷ মাত্ৰ আমি সেই HOBBY
বা অন্তনিৰ্হিত যি শক্তি আমাৰ মাজত থাকে
তাক চিনাক্ত কৰি বিচাৰি উলিওৱাটো ৷ যেনে :যদি আপুনি কাঠৰ সুন্দৰ সুন্দৰ বস্তু বনাব
জানে তেন্তে আপুনি এজন ভাল কাঠমিস্ত্ৰীও(CARPENTER) হ’ব পাৰিব ৷ নতুন নতুন ধাৰণা
প্ৰয়োগ কৰি আধুনিক ধৰণৰ জাকত জিলিকা টেবুল, চকী বনাব পাৰিব ৷ এই পাৰ্গত দেখি বহু মানুহে আপোনাক বস্তু বনাবলৈ আদেশ দিব ৷ আৰু
যদিহে আপুনি সিহঁতৰ আদেশৰ মতে সকলো কাম সময়মতে সুন্দৰকৈ কৰি দিব পাৰিছে ৷ তেন্তে
যি বিজ্ঞাপনৰ ভাইৰাছ মানুহৰ মুখত আৰম্ভ হয় ৷ সেই ভাইৰাছ নিজৰ অঞ্চলৰ চুকে-কোণে সোমাই
পৰিব আৰু আপুনি শ শ আদেশ পাব যাৰ বাবে আপুনি সহায়ক নিয়োগ কৰিব লাগিব ৷ মই এইটো
কবলৈ বিচাৰিছো যে, যদিহে আপুনি ভাল কাম কৰি যায় , তেন্তে আপোনাৰ সু-নাম মানুহৰ
মুখে মুখে বাগৰি কৰ’বাত পাবহি, আনকি আপুনিও গম নাপাব ৷ কিন্তু সদায় মনত ৰাখিব যে
যদিহে ধন অৰ্জন কৰাৰ কথা ভাবিছে তেন্তে মানুহক সেৱা কৰাৰ কথাহে প্ৰথমে ৰাখিব লাগিব
৷ এইখিনিতে আপোনাৰ মনত প্ৰশ্ন জাগি উঠিছে ছাগে ৷ এই কামটো নপঢ়ি নুশুনিও কৰিব পাৰিচোন
৷ কিন্ত সেয়া নহয় ৷ ‘যিমানে পঢ়িব সিমানে শিকিব’, এই বাক্য শাৰীৰ ওপৰত যথেষ্ট বল
আছে ৷ আমি যদি দশম শ্ৰেণীত উত্তীৰ্ণ হওঁ, তেন্তে কাঠৰ যি জোখ-মাপ, টকা-পইচাৰ যি হিচাপ তথা
লাভ-লোকচানৰ হিচাপ আদি তৎক্ষণাত কৰিব পাৰিম ৷ Quick Decisionও ল’ব পাৰিম ৷ আকৌ আপুনি যদি দশম
শ্ৰেণী পাছ কৰি কাঠমিস্ত্ৰীৰ ওপৰত ITI Course কৰি লয় ৷ তেন্তে কথাই নাই ৷ আপুনি নিশ্চিত মনেৰে কাঠৰ ভাল ভাল বস্ত্ত বনাব
পাৰিব ৷ আৰু আপোনাৰ দৈন্দন্দিন জীৱনৰ যি অভাৱ-অনাটন সেই সমস্ত দূৰ কৰিব পাৰিব ৷
আপুনি কাঠমিস্ত্ৰীৰ বাবে ডাঙৰ INDUSTRY য়ো খুলিব পাৰিব ৷
এইখিনিতে এটা কথা কওঁ এইবোৰ কামত ধৈৰ্য্য গুণটো সবাতোকৈ বেছি দৰকাৰ ৷ সেই কাৰণে
যিমানেই অসুবিধা বা সমস্যাৰ সৃষ্টি হয় তাক সমাধান কৰিবলৈ হ’লে তাৰ লগত যুজঁ কৰিবলৈ
শিকিব লাগিব ৷ আমি সমস্যাক দেখি পলাই যোৱা উচিত নহয় ৷ যদিহে সমস্যাই আপোনাক পিছে
পিছে খেদি গৈছে আৰু আপুনিও তাক দেখি ভয়ত পলায়ছে তেন্তে এইটো ঠিক যে সমস্যাৰ জয় হবই
৷ আৰু যদিহে সমস্যাক দেখি আপুনি নিজৰ অন্তৰ ডাঠ কৰি তাকহে খেদি যায় তেন্তে
প্ৰত্যেক সমস্যাৰ পৰা আপুনিহে জয় লাভ কৰিব ৷ মানে আপুনি দৌৰত জিকিব ৷ তেন্তে আহক
অকনো পলম নকৰি আপোনাৰ অন্তনিৰ্হিত যি ভাল লগা কাম সেয়া অনুসন্ধান কৰক ৷ Best of luck !
Sunday, 25 December 2016
Subscribe to:
Post Comments (Atom)
মোৰ লেখনীসমূহ :
-
▼
2016
(17)
-
▼
December
(12)
- এনেকৈয়ে হয় পেইটেমত (Paytm) আয়, আপুনিও নাজানে ...
- কেৱল 45 দিনৰ ভিতৰত এই ক্ষমতা উন্নত কৰক আৰু হৈ যাও...
- গেম ডেভলপাৰ হব পাৰিব ,যদিহে আপুনি Creative হয়, সাধ...
- Visual Effect ত নিজৰ কেৰিয়াৰ বনাওক আৰু মাহে 15 ...
- A letter to God - G. L. Fuentes
- How to learn to talk ENGLISH
- নিজৰ HOBBY ক চাকৰিলৈ পৰিৱৰ্তন কৰক
- (১) খাদ্য : আমি ক’ৰ পৰা পাওঁ
- (২) খাদ্যৰ উপাদানসমূহ
- (৩) আঁহৰ পৰা কাপোৰলৈ
- (৪) পদাৰ্থসমূহৰ শ্ৰেণী বিভক্তকৰণ
- (৫) দ্ৰব্যৰ পৃথকীকৰণ
-
▼
December
(12)
No comments:
Post a Comment