Thursday, 22 September 2016

GGTC ৰ পৰিচয়


পৰিচয়ঃ
 মোৰ  নাম  শ্ৰী  অবিনাশ  পাৰধীয়া  ৷  মোৰ  ঘৰ  বৰ্তমান  অসমৰ  যোৰহাট  জিলাত  ৷  আজিৰ  পৰা  দুই  বছৰ  আগতেই  মই  ব্লগ  এটা  লিখিম  বুলি  ভাবি  আছিলো  কিন্তু বহুতো  অসুবিধাৰ বাবে  মই সেয়া  আৰম্ভ কৰিব  পৰা নাছিলো ৷ আজি তাং ২২/০৯/২০১৬  পৰা মোৰ ব্লগ (GGTCedu.) আৰম্ভ কৰি  মই নথৈ আনন্দিত হৈছো  যে মোৰ অন্তত: ব্লগ আৰম্ভণীৰ কাম সফল হৈছে ৷ মোৰ এই ব্লগৰ সম্পূৰ্ণ নাম হৈছে – Gorajan  Goodluck Tutor Centre. আচলতে  পেচাত মই এজন  টিউটৰ তথা শিক্ষক আৰু সেইবাবে বৰ্তমানে শিক্ষা প্ৰদান কৰি থকা মোৰ টিউটৰ চেণ্টাৰৰ পৰাই  উক্ত ব্লগৰ  নামটো  ৰখা হৈছে ৷
ব্লগৰ উদ্দেশ্যঃ
Ø  আচলতে  ইন্টাৰনেটত অসমীয়া ব্লগৰ সংখ্যা খুবেই সীমিত  আৰু লগতে অসমীয়া ভাষাত যি পৰিমাণৰ তথ্যপাতি ইন্টাৰনেটত থকা উচিত সেয়াও উপলব্ধ নাই ৷ বিশ্বত প্ৰযুক্তিবিদ্যা ক্ৰমাগতভাৱে উন্নত হোৱাৰ সত্বেও আমাৰ অসমৰ জনসাধাৰণৰ বাবে নেটত অসমীয়া ভাষাত তথ্যপাতি আন ভাষা সমূহতকৈ বহু গুণে কম ৷ অসমীয়া ভাষা নেটত প্ৰচুৰ পৰিমাণে উপলব্ধ কৰোৱাৰ ইচ্ছাৰে এই ব্লগ লিখা হৈছে ৷
Ø  অসমৰ বহুতো শিক্ষিত জনসাধাৰণে নিজৰ স্কুল , কলেজ , মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষা সাং কৰি বা আন কোনো বৃত্তিমূলক শিক্ষা গ্ৰহণ কৰি নিজকে অৰ্থনৈতিকভাৱে  প্ৰতিষ্ঠা কৰিবলৈ বিভিন্ন ধৰণৰ চাকৰিৰ সন্ধান কৰোতে নিজৰ বহুমূল্য  সময় খৰচ কৰি দিয়ে ৷ ইয়াৰ পৰিৱৰ্তে তেওঁলোকে ব্যৱসায় জগতত প্ৰৱেশ কৰি নিজকে অৰ্থনৈতিকভাৱে টনকিয়াল কৰিব পাৰে ৷ সেই বুলি মই সকলোৱে যে চাকৰিৰ সন্ধান কৰিব নালাগে বুলি কোৱা নাই ৷ ইয়াত চাকৰি সন্ধান কৰাৰ সত্বেও চাকৰি নাপালে ব্যৱসায়ীক দিশলৈ কেনেকৈ আগবাঢ়ি নিজে স্বনিৰ্ভৰশীল হ’ব পাৰি তাৰ বিষয়ে এই ব্লগত লিখা হৈছে ৷ এই ব্লগৰ জৰিয়তে মই উৎসাহ উদ্দীপনা তথা অনুপ্ৰেৰণাৰ পাঠ দি ইচ্ছুক সকলো ব্যৱসায়ীসকলক Active কৰিব বিচাৰিছো ৷
Ø  অসমৰ অসমীয়া মাধ্যমত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন জটিল বিষয়ত সহায়-সহযোগ আৰু উৎসাহ আগবঢ়োৱাৰ উদ্দেশ্য আৰু লগতে অধ্যয়নৰ কলা-কৌশলসমূহ দিয়াৰ উদ্দেশ্য এই ব্লগ লিখা হৈছে ৷
শিক্ষা :
v  শ্ৰেনী  দাদ্বশ লৈ নিজৰ  চহৰত  চাৰিখন বিদ্যালয়ত পঢ়া-শুনা : গৰাজান বাগান প্ৰাথমিক বিদ্যালয় , গৰাজান মধ্য ইংৰাজী বিদ্যালয় ,গৰাজান উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু
 বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয় ৷
v  বাণিজ্য বিভাগত স্নাতক ডিগ্ৰী : B.COM
v  বাণিজ্য বিভাগত স্নাতকোত্তৰ ডিগ্ৰী :   M.COM
v  কম্পিউটাৰ শিক্ষা :  PGDCA   ৷

অভিজ্ঞতা :
·         নিজৰ GGTC ত ২007 বৰ্ষৰ পৰা ধাৰাবাহিকভাৱে স্হানীয় ছাত্ৰ-ছাত্ৰীসকলক সেৱা ৷
·         কম্পিউটাৰ অপাৰেটৰ ,তামিলনাডু ৷
·         

প্ৰকাশিত  :   মাহেকীয়া কেৰিয়াৰ গাইডৰ পত্ৰালাপ শিতানত  ‘ কৃষি ক্ষেত্ৰত যুৱ সমাজৰ অৱহেলা ’ আৰু ‘ মাদক  দ্ৰৱ্যৰ প্ৰতি আসক্তি ’ ৷
মোৰ  প্ৰিয় :
·         কিতাপ  পঢ়া , লেখা-মেলা ৷
·         Teaching.

মোৰ  ঠিকনা :
গৰাজান  16  নম্বৰ ব্লক , বৰহোলা, তিতাবৰ, যোৰহাট (অসম) , পিন-785631

1 comment:

  1. আপোনাৰ ব্লগটো দেখি বহুত সন্তোষ পালো । আপুনি কৰা কাম কামবোৰ মোৰ এটা বাঞ্ছা আছিল । এনেকুৱা অসমীয়া ভাষাত লিখা article বহুত বিচাৰিছিলো যদিও যি অসুবিধাৰ কাৰণেই নহওঁক কিয়, বহুত দিনৰ মূৰত আপোনাৰ ব্লোগটো দেখি বহুত ভাল লাগিল । মোৰো এনেকুৱা এটা ইচ্ছা মনত আছে পুহি ৰাখিছিলো । ধন্যবাদ ।

    ReplyDelete