Sunday, 25 December 2016

How to learn to talk ENGLISH


ইংৰাজী হ’ল এনে এটা অফিচিয়েল ভাষা যাৰ জৰিয়তে অফিচৰ বিভিন্ন কাম-কাজসমূহ সমাধা হোৱাৰ লগতে মানুহৰ বৃত্তিমূলক জীৱনৰ মানদণ্ডও উচ্চ কৰি তোলে ৷ এই ভাষাৰ অবিহনে দেশ-বিদেশত টহল দিয়াও টান আৰু বিভিন্ন দেশ-বিদেশৰ সমাজ সংস্কৃতিৰ লগত মিলা-মিচা কৰিবলৈও এই ভাষাৰ যথেষ্ট প্ৰয়োজন ৷ কিন্তু তথাপিও বহুত মানুহে এই ভাষাক কঠিন বুলি ভাবি ইয়াৰ পৰা আতৰি থাকিব বিচাৰে ৷ আচলতে ইংৰাজী ভাষা শিকাটো এটা কঠিন কাম নহয় ৷ অলপ কষ্ট আৰু সময় দিলেই এই ভাষা অতি সহজে আয়ত্ত্ব কৰিব পাৰি ৷ মই এই লেখাত ইংৰাজী কবলৈ শিকাৰ কেইটামান কৌশল আগবঢ়াইছো যাৰ জৰিয়তে ইচ্ছুক ইংৰাজী শিকাৰুসকলে এই কৌশলসমূহক অনুসৰন কৰি কম সময়ৰ ভিতৰতে ইংৰাজী ভাষা সলসলীয়াকৈ কব পাৰিব ৷ গতিকে পলম নকৰি আহক এই কৌশলসমূহ জানি লওঁক ৷
ওচৰে-পাজৰে ইংৰাজী কোৱাৰ পৰিৱেশ গঢ়ি তোলক :
শিশু এটাই সৰু কালত যি পৰিৱেশত ডাঙৰ - দীঘল হয়, তেওঁ সেই পৰিৱেশৰ পৰাই দেখি শুনি তেওঁৰ মাতৃভাষাক আয়ত্ত্ব কৰে ৷ ভাষা এটা শিকাত তেওঁৰ কাৰণে এদিনেই যথেষ্ট নহয় ৷ তেওঁৰ মাতৃভাষাক শিকিবৰ কাৰণে প্ৰায় ২/3 বছৰৰ প্ৰয়োজন হয় ৷  এই ক্ষেত্ৰত তেওঁৰ পৰিৱেশত উপলব্ধ ভাষাকেই তেওঁ শিকে ৷ ঠিক একেদৰে ইংৰাজী ভাষাক দ্ৰুত গতিত শিকিবৰ বাবে ইংৰাজীৰ ভাষাৰ এক  পৰিৱেশ গঢ়ি তুলিব লাগে ৷ ইয়াৰ কাৰণে ইংৰাজী চিনেমা , গান ,বাতৰি তথা আলোচনীসমূহক লৈ এক ইংৰাজ পৰিৱেশ গঢ়ি তোলক ৷ এনেকৈ পঢ়িলে, চালে আৰু শুনিলে এই ভাষাক অতি সোনকালে আয়ত্ত্ব কৰিব পাৰি ৷
শুদ্ধ নে অশুদ্ধ হৈছে তাক আৰম্ভণিতে মন দিব নালাগে :
আৰম্ভণিতে ইংৰাজী কওঁতে বহুতো ধৰণৰ ভুল হ’ব পাৰে ৷ সেই ভুলক চাই আমি আমাৰ আত্মবিশ্বাক হেৰুৱাব পাৰো ৷ আমি জানো যে যিকোনো খেলুৱৈ বা পাঠকে তেওঁৰ আৰম্ভণিত বহুতো ভুল কৰি যায় ৷ যদিহে তেওঁলোকে প্ৰথমে শিকোতে কৰা ভুলসমুহক লৈ চিন্তা কৰি থাকে ৷ তেন্তে তেওঁ কোনো দিন  শিকিব নোৱাৰিব ৷ ইয়াৰ পৰিৱৰ্তে শুদ্ধ অশুদ্ধ বিচাৰ নকৰি তেওঁ প্ৰাৰম্ভিক শিক্ষা শিকা উচিত ৷ ঠিক তেনেদৰে আমি আমাৰ ইংৰাজী ভাষা শিকোতে শুদ্ধ অশুদ্ধৰ ওপৰত গুৰুত্ব নিদি ইয়াক শিকিব লাগে ৷ তেতিয়াহে আমাৰ কোৱাৰ আত্মবিশ্বাস অটুট থাকিব আৰু লগতে ভয়ো আতৰিব ৷
ইংৰাজী শব্দবোৰ চিঞৰি চিঞৰি পঢ়ক :
ইংৰাজী শব্দ আৰু বাক্যবোৰ পঢ়োতে সদায় চিঞৰি চিঞৰি পঢ়িব লাগে ৷ চিঞৰি চিঞৰি পঢ়িলে শব্দৰ উচ্চাৰণ আৰু ধ্বনি দুয়োটাই শুদ্ধ হোৱাৰ লগতে শব্দ বা বাক্যবোৰ মনত থাকিব ৷ ইয়াৰ বিপৰীতে মনে মনে পঢ়িলে উক্ত ফলসমূহ লাভ কৰাত বাধাহে জন্মে ৷ চিঞৰি পঢ়া প্ৰক্ৰিয়াই ভাষাটো কোৱাৰ গতিশীলতা বৃদ্ধি কৰে ৷
ইংৰাজীত গ্ৰুপ ডিচকাছন কৰা :
এনেকুৱা মানুহৰ লগত ইংৰাজীত বাৰ্তালাপ কৰক যিসকল ইংৰাজী বহুত জানে বা কব পাৰে বা যিসকলে শিকি আছে ৷ ২ ৰ পৰা ১০ জন লৈকে সদস্য গঠন কৰি ইংৰাজী স্পিকীংৰ ক্লাব গঠন কৰক ৷ নিয়মিতভাৱে এই ক্লাবত উপস্হিত হৈ ইংৰাজীত কথা - বতৰা পাতিলে সোনকালেই এই ভাষা আয়ত্ত্ব কৰিব পাৰি ৷ লগতে এই প্ৰক্ৰিয়াই ইংৰাজী কোৱাৰ আত্মবিশ্বাস বৃদ্ধি কৰাই ৷ গ্ৰুপ ডিচকাছন ঘৰত, স্কুলত বা কলেজতো কৰিব পাৰি ৷
একেধৰণৰ খবৰ পঢ়ক :
অসমীয়া আৰু ইংৰাজী খবৰৰ কাকতত প্ৰায়ভাগ খবৰ একেধৰণৰ হয় ৷ মিল থকা খবৰখিনিক বাচি লৈ প্ৰথমে ইংৰাজীৰ খবৰখনক অসমীয়ালৈ অনুবাদ কৰি অসমীয়াৰ খবৰৰ লগত মিলাওক ৷ এই প্ৰক্ৰিয়াৰ জৰিয়তে ইংৰাজীৰ শব্দ ভাণ্ডাৰ বৃদ্ধি হোৱাৰ লগতে ইংৰাজী বুজি পোৱাৰ ক্ষমতাও বৃদ্ধি হয় ৷
সদায় শিকক ৫ টা নতুন শব্দ :
ইংৰাজী কবলৈ হলে  ইয়াৰ শব্দ সম্ভাৰৰ প্ৰয়োজন হয় ৷ সেই হেতুকে সদায়  ইংৰাজীৰ ৫ টা নতুন শব্দৰ লগতে ইয়াৰ অসমীয়া প্ৰতিশব্দ জানি লওক ৷ মাজে-মাজে এই শব্দখিনিক স্মৰণ কৰক আৰু শব্দখিনিক ব্যৱহাৰ কৰক ৷ এনে কৰিলে শব্দসমূহ মনত থাকিব আৰু ইংৰাজী কওঁতে শব্দসমূহ নিজে-নিজে ফুটি উঠিব ৷
নিজৰ লগত কথা পাতক :
আইনাৰ ওচৰত বহি নিজৰ লগত ইংৰাজীত কথা পাতক ৷ এই প্ৰক্ৰিয়া সদায় কৰক ৷ ইয়াৰ জৰিয়তে ইংৰাজী কোৱাৰ নিজৰ আত্মবিশ্বাস বাঢ়িব ৷
ইংৰাজীক নিজৰ মাতৃভাষা  হিচাপে বুজক :
ইংৰাজী টান নহবৰ বাবে ইয়াক নিজৰ মাতৃভাষা হিচাপে শিকিবলৈ যত্ন কৰক ৷ ইয়াক মাতৃভষা হিচাপে শুনক আৰু বুজক ৷ আমি যিমানেই ইংৰাজী ভাবি ভাবি কবলৈ যত্ন কৰিম ইমানেই ভাষাটো টান হৈ যাব ৷ সেইহেতুকে নিসংকোচে এই ভাষাক মাতৃভষা হিচাপে ব্যৱহাৰ কৰক ৷
ইংৰাজী গ্ৰামাৰত ধ্যান নিদিব :
বহুত মানুহে ভাবে যে ইংৰাজী ভাষা কবলৈ হলে ইংৰাজী গ্ৰামাৰ জানিব লাগিব ৷ কিন্তু এয়া নহয় ৷ যেনেকৈ আমাৰ মাতৃভাষাক লোকৰ পৰা শুনি আৰু প্ৰয়োগ কৰিহে শিকিছো ৷ য’ত আমি আমাৰ মাতৃভাষাৰ ব্যাকৰণ অলপো ব্যৱহাৰ কৰা নাই ৷ ঠিক তেনেদৰে ইংৰাজী ভাষাটো শিকোতে ইয়াৰ ব্যাকৰণক উপেক্ষা নকৰি বা তুলনা নকৰি এই ভাষাটো শিকিবলৈ যত্ন কৰা উচিত ৷ আচলতে শুদ্ধ  ইংৰাজী লিখিবলৈহে ইংৰাজী গ্ৰামাৰৰ প্ৰয়োজন হয় ৷
পকেট ইংৰাজী-অসমীয়া অভিধান ব্যৱহাৰ কৰক :
পকেট ইংৰাজী-অসমীয়া অভিধান সদায় ব্যৱহাৰ কৰক ৷ আপুনি যতেই ফুৰিবলৈ যাব তাতেই সৰু পকেট অভিধান লৈ যাওক আৰু পঢ়ক ৷ সেই শব্দক ব্যৱহাৰ কৰক আৰু মাজে সময়ে স্মৰণ কৰি থাকক ৷

No comments:

Post a Comment